অট’মবাইলৰ চাকৰি এৰি পৰিনীতাই আৰম্ভ কৰিলে গাহৰি ফাৰ্ম happy home pig breeding farm
গুৱাহাটী মহানগৰীত দাঙৰ দীঘল হোৱা এগৰাকী চহৰীয়া ছোৱালী
ইংৰাজী মাধ্যমত শিক্ষা গ্ৰহণ কৰি এটি অ’ট’ ম’বাইল কোম্পানীত তেওঁ চাকৰি কৰিছিল দীৰ্ঘদিন ৷চাকৰি সূত্ৰেই তেওঁ চিনাকী হোৱা এজন শোণিতপুৰৰ ধলাইবিলৰ এজন গাঁৱলীয়া যুৱকৰ লগত আৰম্ভ কৰিলে বৈবাহিক জীৱন ৷
কিন্তু কৰ’নাৰ পৰিপেক্ষিতত লকডাউনে সলনি কৰি দিলে এই দম্পতীৰ জীৱন ৷ বিকল্প এক উপাৰ্জনৰ পথ বিচাৰি স্বামীৰ অনুপ্ৰেৰণাত তেওঁ অট’মবাইলৰ চাকৰি ধলাইবিলৰ শহুৰৰ গাঁৱতে আৰম্ভ কৰিলে এখনি গাহৰি ফাৰ্ম ৷ নাম দিলে হেপী হোম -পিগাৰী ব্ৰিদিং ফাৰ্ম ৷
এসময়ত গাহৰিলৈ ভয় কৰা পৰিনীতা বৰ্মন শইকীয়া নামৰ এই মহিলাগৰাকী এতিয়া সিদ্ধহস্ত গাহৰি পালনত।
স্বামী আকাশদ্বীপ শইকীয়া কৰ্মসূত্ৰে বাস কৰে গুৱাহাটীত৷ সেয়ে শাহুৰ শহুৰৰ লগতে পৰিনীতাই চলাই আহিছে গাহৰি ফাৰ্মখন ৷
বৰ্তমানলৈকে এই ফাৰ্ম খনৰ পৰা ৩০০ ৰো অধিক গাহৰি পোৱালি বিক্ৰী কৰিবলৈ সক্ষম হৈছে পৰিনীতা ।
জীৱনৰ দৃষ্টিভংগী সলনি কৰি গাহৰি ফাৰ্মেৰে উপাৰ্জনৰ বাট প্ৰশস্ত কৰা আৰু ৱহু মহিলাৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰা পৰিনীতাৰ মনৰ কথা জানো আহক ৷
2 фев 2022