Тёмный

নাৰায়ণপুৰ এম ভি স্কুলৰ ছাত্ৰ ছাত্ৰীৰ দিহানাম ইমান সুন্দৰ দিহানাম পৰিৱেশন কৰিছে ছাত্ৰ-ছাত্ৰীয়ে DstU 

Talk4Assam
Подписаться 16 тыс.
Просмотров 301
50% 1

ইমান সুন্দৰ দিহানাম পৰিৱেশন কৰিছে ছাত্ৰ-ছাত্ৰীয়ে DstU
ভাগৱত পাঠ আৰু ব্যাখ্যা
জয় গুৰু শঙ্কৰ
ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান- শ্রীশ্রী ফুলনি থান - ষষ্ঠবিংশতিতম বর্ষ
শ্ৰীশ্ৰী ফুলনি থান ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান - নাৰায়ণপুৰ, লক্ষীমপুৰ
তাৰিখ: ২৬, ২৭, ২৮ আৰু ২৯ ভাদ (ইং ১২, ১৩, ১৪ আৰু ১৫ চেপ্তেম্বৰ, ২০২৪) ৫৭৫ শঙ্কৰাব্দ
নিমন্ত্ৰণী সেৱা
তাৰাসৱে পূজ্য তাৰাসৱে ধন্য
তাৰাসে সুহৃদ জন।
কলি-যুগে হৰি আনকো বোলাৱে
আপুনো কৰে কীৰ্ত্তন।। ৩৬৫
ভক্তিভাজনেষু,
আমাৰ ভক্তিভৰা প্ৰণিপাত গ্রহণ কৰিব। জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱে আধ্যাত্মিক ভক্তিৰসৰ তত্ব দৰ্শনৰ বৰভেটিক সু-প্রতিষ্ঠিত কৰি থৈ যোৱাৰ এক অংশস্বৰূপ অনুষ্ঠানেই হৈছে ঐতিহ্যমণ্ডিত মহা বলৱন্ত শ্রীশ্রী ফুলনি থানত অনুষ্ঠিত কৰা "ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান"। নিৰবচ্ছিন্নভাৱে গতি কৰা এই মহান অনুষ্ঠানটিৰ ষষ্ঠবিংশতিতম বৰ্ষৰ কাৰ্যসূচীসমূহ আদৰণী সমিতিৰ লগতে বৰ নাৰায়ণপুৰৰ ভক্তিপ্ৰাণ ৰাইজৰ সহযোগত আগন্তুক পবিত্র ভাদ মাহৰ ২৬,২৭,২৮ আৰু ২৯ (ইং- ১২,১৩,১৪,১৫ চেপ্তেম্বৰ ২০২৪) তাৰিখ ক্ৰমে বৃহস্পতি, শুক্র, শনি আৰু দেওবাৰে চাৰিদিনীয়া কাৰ্যসূচীৰে ৰূপায়ণ কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰা হৈছে।
এই অনুষ্ঠানভাগিত ভাগৱত ভক্তিৰসৰ আধ্যাত্মিক ৰসামৃত পান কৰাবলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা পাঠক, ব্যাখ্যাকাৰক আমন্ত্রণ জনাইছো। উক্ত অনুষ্ঠানটিত যুৱ প্ৰজন্মক অধিক গুৰুত্ব আৰোপ কৰা হৈছে। দ্বিতীয় বৈকুণ্ঠপুৰী এই মহান অনুষ্ঠানভাগিত এগৰাকী পাৰিষদ হিচাপে আপোনাৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰি নিমন্ত্ৰণী শৰাই আগবঢ়াই সেৱা ধৰা হ'ল। কৃষ্ণ...
আদৰণী সমিতিৰ হৈ সেৱাৰে -
প্রফুল্ল বৰা - সভাপতি
প্ৰণৱ হাজৰিকা - কাৰ্যকৰী সভাপতি
গোবিন শইকীয়া- সাধাৰণ সম্পাদক
ষষ্ঠবিংশতিতম শ্রী শ্রী ফুলনি থান ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান
******************************************
কার্যক্রমণিকা
২৬ ভাদ (ইং ১২ ছেপ্তেম্বৰ, ২০২৪)
পুৱা ৭ বজাত : প্রাতঃপ্রসঙ্গ, পুতুল শইকীয়া (নামঘৰীয়া)
৯ বজাত : ধর্মধ্বজ্জা উত্তোলন, উত্তোলক: প্রফুল্ল বৰা (সভাপতি, ভাগৱত পাঠ আৰু ব্যাখ্যা উদযাপন সমিতি)
৯.৩০ বজাত : গছপুলি ৰোপণ (স্থানঃ মাধৱদেৱ কলাক্ষেত্র প্রাঙ্গণ)
মুখ্য ৰোপক: দ্বীপজ্যোতি মহন্ত (ডেকা অধিকাৰ, শ্রী শ্রী বদলা সত্র)
১০ বজাত : ভাগৱত ভ্রমণ
উদ্বোধক : শ্রী শ্রী মুনিন্দ্ৰ নাৰায়ণ দেৱ গোস্বামী (সত্ৰাধিকাৰ, শ্রী শ্রী বেলগুৰি সত্ৰ, নাৰায়ণপুৰ)
১১ বজাত : থানৰ নিয়মীয়া নাম-প্রসঙ্গ আৰু প্ৰসাদ বিতৰণ
দুপৰীয়া ১ বজাতঃ বয়োজেষ্ঠ সকলৰ সৰ্ব্বধনা
১.৩০ বজাত : ভাগৱত পাঠ আৰু ব্যাখ্যা শুভাৰম্ভ, পাঠ উন্মোচক: লক্ষীৰাম গগৈ
ব্যখ্যাকাৰ : ৰঞ্জিত শইকীয়া (ধেমাজি), অনন্ত গগৈ, বিজয় গোৱালা
সন্ধ্যা ৮ বজাত: দিহানাম পৰিবেশন, পৰিবেশনত: ৰমাই আতা দিহানাম দল (নাৰায়ণপুৰ) ভাগৱত পাঠ আহোৰাত্র ***-***
*******************************************
২৭ ভাদ (ইং ১৩ ছেপ্তেম্বৰ, ২০২৪)
পুৱা ১১ বজাত : থানৰ নিয়মীয়া নাম-প্রসঙ্গ আৰু প্ৰসাদ বিতৰণ দুপৰীয়া ১ বজাতঃ ভাগৱত পাঠ আৰু ব্যাখ্যা
ব্যাখ্যাকাৰ : চন্দন কোঁৱৰ
যুৱ ব্যাখ্যাকাৰ : মাধুৰ্য্য বৰা (যোৰহাট), প্রিয়দর্শন ডেকা (মৰিগাঁও)
সন্ধ্যা ৭ বজাত শিশুসকলৰ দ্বাৰা নাম পৰিবেশন ভাগৱত পাঠ আহোৰাত্র
******************************************
২৮ ভাদ (ইং ১৪ ছেপ্তেম্বৰ, ২০২৪)
পুৱা ১১ বজাত : থানৰ নিয়মীয়া নাম-প্রসঙ্গ আৰু প্ৰসাদ বিতৰণ
দুপৰীয়া ১ বজাত : ভাগৱত পাঠ আৰু ব্যাখ্যা
ব্যাখ্যাকাৰ : উৎপল জ্যোতি দাধৰা আৰু বিনীত বৰা (বিশ্বনাথ চাৰিআলি)
সন্ধ্যা ৭ বজাত : সঙ্গীতময় ভাগৱত ৰসামৃত
পৰিবেশনত : শ্রী শ্রী ৰিজু পাঠক, সত্ৰাধিকাৰ উত্তৰ বেতনা সত্র, গুৱাহাটী
ভাগৱত পাঠ আহোৰাত্র
*******************************************
২৯ ভাদ (ইং ১৫ ছেপ্তেম্বৰ, ২০২৪)
পুৱা ১১ বজাত: থানৰ নিয়মীয়া নাম-প্রসঙ্গ আৰু প্ৰসাদ বিতৰণ
দুপৰীয়া ১ বজাত : ভাগৱত পাঠ আৰু ব্যাখ্যা
ব্যাখ্যাকাৰ : জগত বনিয়া, পদ্মেশ্বৰ বৰা, দিলীপ বৰুৱা
যুৱ ব্যাখ্যাকাৰ : উজ্জ্বল সৌকাধৰা (শিৱসাগৰ)
সন্ধ্যা ৭ বজাত: দিহাগুৰু অমিয়া নেওগ কলিতা আৰু সঙ্গীবৃন্দৰ দ্বাৰা দিহানাম পৰিবেশন
নিশা ১০ বজাত : অনুষ্ঠানৰ পৰিসমাপ্তি আৰু প্ৰসাদ বিতৰণ
*****************************************
ষষ্ঠবিংশতিতম বৰ্ষৰ কাৰ্য্যকৰী সমিতি
মুখ্য উপদেষ্টা : শ্রী শ্রী ফুলনি থান পৰিচালনা সমিতি
উপদেষ্টা : ৰঞ্জিত ভট্টাচাৰ্য্য
সভাপতি: প্রফুল্ল বৰা
কায্যকৰী সভাপতি : প্ৰণৱ হাজৰিকা
উপ-সভাপতি : নিৰোদ বৰুৱা
মইনা চৌধুৰী
নিত্যা শইকীয়া
গুনিন বৰুৱা
সাধাৰণ সম্পাদক : গোবিন শইকীয়া
সহকাৰী সম্পাদক : কৃষ্ণ হাজৰিকা
জিতু শইকীয়া (সৰু)
প্রদ্যুৎ জ্যোতি বৰুৱা
কোষাধ্যক্ষ: পুলক বৰুৱা
কুশল নেওগ
সদস্য: দ্বিপেন বৰুৱা
লক্ষী শইকীয়া
নিতুল শইকীয়া
দিগন্ত শইকীয়া
হেমন্ত শইকীয়া
চিন্তু বৰুৱা
দিব্যজ্যোতি হাজৰিকা
নিতুল বণিয়া
******************************************
#vagawatpath #Bhagawat #bidyaban #hemantasaikia #vawna #fulanithan #Narayanpur #Madhurya #talk4assam

Опубликовано:

 

18 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 8   
Далее