পূৰ্বৰে পৰা অসমৰ ভৈয়ামত বসবাস কৰা মিচিং জনগোষ্ঠীৰ নাৰীসকলে মেখেলা চাদৰ অৰ্থাৎ (এগে গাচৰ) পৰিধান কৰি আহিছে। মিচিং তিৰোতাসকলে এই সাজ পোছাকবোৰ তাত শালত নিজ বৈ পৰিধান কৰি তেওঁলোকে বহু আনন্দ লাভ কৰে। এই পৰম্পৰাগত মিচিং সাজ পোছাকবোৰ কেৱল মিচিং সমাজতেই নহয় অন্য সমাজতো যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। মই তেনে এক জনগোষ্ঠীৰ এগৰাকী মিচিং নাৰী হিচাপে জন্ম হয় নিজকে অতি গৌৰৱ অনুভৱ কৰোঁ।
16 окт 2024