The Inauguration Song of Axom Sahitya Xibha / Written by Mitradev Mahanta /Tune by Indreswar Sharma /Lyrics of the song :
চিৰ চেনেহী মোৰ ভাষা জননী।
আই ধন্যে পুণ্যে হৃৎ-পাৱনী।।
প্ৰকৃতি পৰশে ৰসে অমল কমল
চঞ্চল হৃদি জলে ঢালে পৰিমল
কোমল চপাৰ কলি
ঢৌৱে ঢৌৱে ঢৌৱে তুলি
ৰিণিকি ৰিণিকি কোনে তোলে ৰাগিণী।।
সংসাৰ গুৰুভাৰে অৱশ পৰাণ
হিয়াত বিলীন হয় হিয়াভৰা গান
কাৰ নিচুকনি সনা
শুনি বাণী ব্যথা পমা
চকুতে চকুৰ নীৰে লয় জিৰণি।।
জীৱনে মৰণে ৰণে লহৰী সুধাৰ
ৰসনা শিতানে বহি সিঁচা শতধাৰ
হে' মোৰ মধুৰাননা
মাগিছোঁ মাধুৰী কণা,
দিয়াঁ, দিয়াঁ, দিয়াঁ আই, মধুভাষিণী।।
গীতিকাৰ : মিত্ৰদেৱ মহন্ত
সুৰকাৰ : ইন্দ্ৰেশ্বৰ শৰ্মা
🌿🌼🌿
14 окт 2024