Тёмный

মহেন্দ্ৰ চুতীয়া ওজা আৰু সংগীবৃন্দ || Intro || Oja Dhol || Assamese Folk Culture || Mohendra Chutia 

Mohendra Oja Assam
Подписаться 16 тыс.
Просмотров 807
50% 1

লোকশিল্পী হেমাংগ বিশ্বাসে কৈছিল , “ মঘাইৰ ঢোল য’ত অসমৰ বিবেক গৰজি উঠে …” । আজিয়ো ঢোলৰ মাতত সাৰ পাই উঠে সুপ্ত জাতিসত্ত্বা । ঢোলৰ অবিহনে বিহুতলী নিস্তেজ , ৰভাতলী নিৰস - শুকান । মহেন্দ্ৰ চুতীয়া ওজাৰ চল্লিছ এক সংগ্ৰামৰ যাত্ৰা … যাত্ৰা শিপা সন্ধানী ! ১৮ বছৰ বয়সতে উত্তৰ প্ৰদেশত UP সংগীত নাটক একাডেমীৰ অনুষ্ঠানত পুৰস্কাৰ লাভ কৰা , শতাধিক বিহুমঞ্চত শ্ৰেষ্ঠ ঢুলীয়া , শ্ৰেষ্ঠ বিহুৱাৰ সন্মান লাভ কৰা মহেন্দ্ৰ চুতীয়া ওজাই ঢোলটোকে সাবটি পাৰ কৰি দিলে জীৱনৰ ৰূপালী জয়ন্তী । কৃষি আৰু কৃষ্টিক সামৰি পথাৰত সোণ ফুলোৱা মহেন্দ্ৰ চুতীয়া ওজা অসমৰ প্ৰথমটো ঢোলৰ ভি চি ডি “ঢোল বায় ক’ত”ৰ মুখ্যশিল্পী , বিগত চল্লিছ বছৰে ৫০০০তকৈ অধিক বিয়াঘৰত ঢোলৰ গুমগুমণি তুলি উজনিৰ ওজাঢোলক জীয়াই ৰাখিবলৈ অক্লান্ত সংগ্ৰাম কৰা লোকশিল্পী , শতাধিক শিশুক ঢোলৰ অ-আ-ক-খ শিকোৱা গুৰু তথা ঢোলৰ মাধ্যমেৰে অসম বিজ্ঞান সমিতিৰ সৈতে বিজ্ঞানৰ বাণী প্ৰচাৰ আৰু সাক্ষৰতা অভিযানত ঢোলৰ মাধ্যমৰে সাক্ষৰতাৰ বাণী প্ৰচাৰ কৰি সজাগতা সৃষ্টি কৰা এজন স্বাভিমানী কৃষক লোকশিল্পী যি বিয়াঘৰৰ পৰা দূৰদৰ্শনলৈকে , অনাতাঁৰ কেন্দ্ৰৰ পৰা বিহুৰ আখৰালৈকে বিলাই গৈছে কৃষ্টিৰ সুৱাস । মহেন্দ্ৰ চুতীয়াৰ লগতে সংগীবৃন্দ পিংকু বৰা , যাদৱ বৰা , জয়ন্ত বৰা , জিতু বৰা প্ৰমুখ্যে সতীৰ্থসকলৰো সংগ্ৰাম অনন্য । অভিনন্দন সকলোকে

Опубликовано:

 

18 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 3   
@bhagyajyotidas7389
@bhagyajyotidas7389 5 месяцев назад
Bohut xundor
@pinkubora6503
@pinkubora6503 5 месяцев назад
@Roxigaming07
@Roxigaming07 5 месяцев назад
বহুত দিনৰ পিছত video dile
Далее
Добрая весть 😂
00:21
Просмотров 542 тыс.
Dora was kidnapped and then… 😨 #shorts
00:18
Просмотров 2,8 млн
ধন দাবী......
6:05
Просмотров 27 тыс.