ৰেলৰ আলিত আনে আধা খাই পেলাই যোৱা ৰুটিৰে দূৰ কৰিছিল ভোক, এতিয়া প্ৰতিষ্ঠিত ব্যৱসায়ী Ahak Na
সীমাহীন দৰিদ্ৰতাৰে পাৰ হৈছে তেওঁৰ শৈশৱ ৷
মাতৃৰ অকাল মৃত্যুৰ পাছত আৰু দেউতাকে এৰি থৈ যোৱাৰ পাছত বাটে পথে ভিক্ষা মাগিছিল তেওঁ ৷ ৰেলৰ আলিত আনে আধা খাই পেলাই যোৱা ৰুটিৰে দূৰ কৰিছিল ভোক ৷
মাত্ৰ ৯বছৰ বয়সতে আনৰ হোটেলত কাম কৰা ল’ৰা হিচাপে কাম কৰিছিল ৷
সুদীৰ্ঘ ২২ বছৰৰ মূৰত তেওঁ মনত খেলালে যে তেওঁ নিজিই আৰম্ভ কৰিব এখন হোটেল ৷
আৰু এতিয়া নজাঁও চহৰৰ এখন জনপ্ৰিয় হোটেল “আহক না ”ৰ স্বত্বাধিকাৰী তেওঁ ৷ সমস্যাৰ পাহাৰ বগাই সফলতাৰ ৰ’দ কঢ়িয়াই অনা এই ব্যৱসায়ীগৰাকীৰ নাম তপন ৰয় ৷ ঘৰ নগাঁৱৰ ডিমৌগুৰিত ৷ নতুন বজাৰত থকা
“আহক না ” নগাঁও চহৰবাসীৰ এখন চিনাকী হোটেল ৷
এই হোটেলত তেওঁ সংস্হাপন দিছে ১৭ জনকৈ কৰ্মচাৰীক ৷
আকচোন ভিক্ষাৰী জীৱনক নতুন ৰূপত সজাই তুলি ব্যৱসায়ৰ দিশত আগুৱাই যোৱা তপন ৰয়ৰ লগত কথা পাতো ৷
uparjan.in
5 окт 2024